ফাষ্টটেগ কাৰ্ড বৰ্তমান মাধৱ ডিজিটেল সেৱা কমন চাৰ্ভিছেচ চেন্টাৰত উপলব্ধ



ভাৰত চৰকাৰৰ নিৰ্দেশনা অনুসৰি প্ৰতিখন চাৰি-চকীয়া বাহনত FASTAG কাৰ্ড লগোৱাটো বাধ্যতামূলক । সেয়েহে আমি, সকলোৰে সহায়ক হোৱাকৈ আমাৰ ডিজিটেল সেৱা কেন্দ্ৰত তাক উপলব্ধ কৰিছোঁ ।

প্ৰশ্ন: FASTAG কি ?
উত্তৰ: FASTAG হৈছে এখন কাৰ্ড যাৰ জৰিয়তে আমি ট্ৰল গেট পাৰ হওঁতে দিব লগা টেক্স, আমি ট্ৰল গেটত নৰখাকে স্বয়ংক্ৰিয় ভাবে দিয়া এক প্ৰদ্ধতি ।

প্ৰশ্ন: ই কেনেকৈ কাম কৰে ?
উত্তৰ: FASTAG কাৰ্ড খন আপোনাৰ বাহনৰ সন্মুখৰ ফালে মাজৰ আইনাৰ (Middle Mirror) ওচৰত লগোৱা হয় । যেতিয়া আপুনি কোনো ট্ৰল গেট পাৰ হয় তেতিয়া সেই গেটৰ ট্ৰল টেক্স সেই কাৰ্ড খনৰ পৰা স্বয়ংক্ৰিয় ভাবে কাটি যায় আৰু আপোনাৰ মোবাইলত তাৰ বাৰ্তা আহি যায় ।


প্ৰশ্ন: FASTAG লগাব লাগিবইনে ? নলগালে কি হব ?
উত্তৰ: FASTAG প্ৰতিখন চাৰি চকা গাড়ীত লগোৱাটো বাধ্যতামূলক । যদি কোনো বাহনত FASTAG নাথাকে আৰু ট্ৰল গেট পাৰ হয় তেন্তে আপুনি অতিৰিক্ত দুগুন ট্ৰল টেক্স দিব লাগিব আৰু আইনী সমস্যাৰো সন্মুখীন হব লাগিব ।

প্ৰশ্ন: FASTAG কাৰ্ড খন কত পাম ? 
উত্তৰ: আপোনাৰ ওচৰৰ যিকোনো CSC সেৱা কেন্দ্ৰত খবৰ কৰক ।


প্ৰশ্ন: কিমান খৰছ হব ?
উত্তৰ: ২৫০ টকা । (১০০ টকা কাৰ্ড খনৰ দাম আৰু ১৫০ টকা আপোনাৰ কাৰ্ডত বেলেঞ্চ পাব)

প্রশ্ন: প্ৰথম দিয়া ১৫০ টকা বেলেঞ্চ শেষ হলে, কত আকৌ ভৰাম ?
উত্তৰ: টপ-আপ আমাৰ ডিজিটেল সেৱা কেন্দ্ৰত বা আপোনাৰ ওচৰৰ যিকোনো ডিজিটেল সেৱা কেন্দ্ৰত কৰিব পাৰিব । যদি আপুনি ইচ্ছা কৰে অনলাইনতো (Online) কৰিব পাৰিব ।

ই এল এছ এছ ফাণ্ডৰ সবিশেষ ।। ELSS Fund Details ।। এছ বি আই দীৰ্ঘম্যাদী ইকুইটি ফাণ্ড - ৰেগুলাৰ প্লেন - গ্ৰুথ ।। SBI Long Term Equity Fund - Regular Plan - Growth । Mutual Funds in Assamese । মাধৱ ডিজিটেল - MADHAB DIGITAL

প্ৰশ্ন: কি কি নথি নাগিব ?
উত্তৰ: প্ৰয়োজনীয় নথিসমূহ হল -
১। ৰেজিষ্ট্ৰেচন কাৰ্ড (RC)
২। ড্ৰাইভিং লাইচেঞ্চ বা ভোটাৰ কাৰ্ড (DL / Voter ID)
৩। স্মাৰ্ট ফোন (Android)
৪। বাহন খন (Your Car / Van)

প্ৰশ্ন: কাৰ্ড খন লগোৱা কিবা শেষ তাৰিখ আছে নেকি ? 
উত্তৰ: ১৫ ডিচেম্বৰ ২০১৯ শেষ তাৰিখ আছিল যদিও, বৰ্তমানেও আপোনি লগাব পাৰিব ।


কিবা অসুবিধা পালে আমাৰ লগত যোগাযোগ কৰকঃ
        মাধৱ ডিজিটেল সেৱা, 
         কামপুৰ বাছ ছেণ্ডিকেট, 
         কামপুৰ নগৰ, নগাওঁ (অসম) ।
         যোগাযোগ: 9954952328 
         ইমেইলঃ fastag@madhabdigital.com
 
THIS SERVICE IS NOW CLOSED

 


Service Temporarily Suspended

The service featured in this post—“ফাষ্টটেগ কাৰ্ড বৰ্তমান মাধৱ ডিজিটেল সেৱা কমন চাৰ্ভিছেচ চেন্টাৰত উপলব্ধ”—has been **temporarily suspended**.

We apologize for any inconvenience. Please check back soon for updates or reach out to us directly for assistance.

Post a Comment

💬 We value your thoughts! Share your feedback, questions, or experiences about Madhab Digital Seva services in the comments below and leave your email. Among all commenters, a few lucky participants will be rewarded with exciting cash prizes or gift coupons. Don’t miss this chance to join the conversation and win rewards while sharing your valuable insights!

Previous Post Next Post