বিনিয়োগৰ ভিন্ন বিকল্প সমূহৰ ভিতৰত নতুনকৈ জনপ্ৰিয়তা লাভ কৰা এক বিনিয়োগ হৈছে মিচুৱেল ফান্ড (Mutual Fund) । ষ্টক বজাৰ তথা আন আন বন্ড আদিত প্ৰত্যক্ষ ভাবে বিনিয়োগ কৰিবলৈ সকলোৰে জ্ঞান বা অধ্যয়ন বা পৰ্যাপ্ত সময় নাথাকে কিন্ত ষ্টক বজাৰৰ পৰা লাভৰ বাবেও যথেষ্ট আগ্ৰহী, তেনে লোকৰ বাবে এক নিৰ্ভৰযোগ্য বিনিয়োগৰ সুযোগ হৈছে মিউচুৱেল ফান্ড। Mutual শব্দটোৰ দৰেই Mutual Fund হৈছে বিনিয়োগৰ উদ্দেশ্যত বহুকেইজন লোক একেলগ হৈ গোট খুওৱা এক মূলধন অৰ্থাৎ Fund, যাতে এক বৃহৎ পৰিমানৰ মূলধন গোট খুওৱা হয় আৰু সমূহীয়াভাৱে ষ্টক বজাৰ তথা আন আন বিকল্পত প্ৰত্যক্ষ বিনিয়োগ কৰা হয়। মিউচুৱেল ফান্ড সমূহক পৰিচালনা কৰিবলৈ ভিন্ন কোম্পনী থাকে যিবোৰ SEBIৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত। এই কোম্পানীবোৰক সাধাৰণতে AMC বা Asset Management Company বোলে।
SBI Mutual Fund ত যদি নিজে SIP ৰ জড়িয়তে বিনিয়োগ কৰিব বিছাৰে তেন্তে ইয়াত লিংকত ক্লিক কৰক (এছ.বি.আই. মিউচুৱেল ফাণ্ড)
এই কোম্পানী বোৰত এক বা অধিক Fund Manager থাকে যিয়ে ষ্টক বজাৰৰ অধ্যয়ন কৰি মিউচুৱেল ফান্ডৰ প্ৰকাৰ অনুযায়ী ষ্টক বাছনি কৰে। Large Cap, Mid Cap, Small Cap ৰ অন্তৰ্গত বহুকেইটা ষ্টক বাচনি কৰি প্ৰতিটো Capৰে ভিন্ন মিউচুৱেল ফান্ড থাকে লগতে একাধিক Capৰ ষ্টক লগ লগাই Multi Cap মিউচুৱেল ফান্ডৰ সৃষ্টি হৈছে।
সাধাৰনতে যিকোনো এটা মিউচুৱেল ফান্ডতেই বহুকেইটা ষ্টক বাচনি কৰা হয় আৰু এই বাচনিৰ ক্ষেত্ৰত মন কৰা হয় যাতে ষ্টক সমূহ একেটা ব্যৱসায়ীক খণ্ডৰে নহয় আৰু যাতে লোকচানৰ আশংকা সৰ্বনিম্ন হয়। SEBIৰ বিধি অনুসৰি কোনো মিউচুৱেল ফান্ডেই গ্ৰাহকৰ পৰা জমা কৰা বিনিয়োগ পুজি বহাই নাৰাখি সেই দিনটোৰ বজাৰ মুল্যতে ষ্টকত বিনিয়োগ কৰিব লাগে আৰু সেয়েহে ব্যক্তিগত ভাবে কৰা ষ্টকৰ বিনিয়োগৰ তুলনাত মিউচুৱেল ফান্ডৰ লাভ কিছু কম হোৱাৰ সম্ভাৱনা থাকে। অৱশেষত আপোনাৰ টকা খিনিক বিনিয়োগৰ ক্ষেত্ৰত কৰা মিউচুৱেল ফান্ড কোম্পানীটোৰ ব্যৱস্থাপনাৰ বিনিময়ত শেষত আপোনাৰ লভ্যাংশৰ পৰা এক অংশ কোম্পানীটোৱে কাটি ৰাখে। আনহাতে কোনো এটা মিউচুৱেল ফান্ডৰ কাৰ্যক্ষমতা বা বছৰেকীয়া লাভৰ শতাংশ মিউচুৱেল ফান্ড কোম্পনীটোৰ ফান্ড মেনেজাৰ জনৰ ওপৰত নিৰ্ভৰ কৰে, সেয়েহে কোনো এক মিউচুৱেল ফান্ডত বিনিয়োগৰ আগত তাৰ অতিত প্ৰদৰ্শন, অন্তৰ্ভুক্ত ষ্টক সমূহ তথা NAV আৰু AUM চাই লোৱা প্ৰয়োজন। (NAV আৰু AUMৰ বিষয়ে পিছত সবিশেষ লিখিম)
(N. B. যদিহে Mutual Fund ৰ বিষয়ে সবিশেষ জানিব বিচাৰে তেন্তে আমাৰ লগত যোগাযোগ কৰে যেন যিহেতু সকলো কথা আটিগুৰি মাৰি লিখিবলৈ যথেষ্ট অসুবিধা)
#MadhabDigital #MutualFund #SIP #MutualfundSahiHai #MutualFundAssamese #SBIMF, Mutual Funds In Assamese
মিউচুৱেল ফাণ্ডৰ বিনিয়োগ বজাৰৰ বিপদৰ সন্মুখীন হয়, আঁচনি সম্পৰ্কীয় সকলো নথি ভালদৰে পঢ়ক ।
Upstox ষ্টক বজাৰ ত যদি নিজে বিনিয়োগ কৰিব বিছাৰে তেন্তে তলৰ লিংকত ক্লিক কৰক
https://www.madhabdigital.com/upstox (ষ্টক বজাৰ )